মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ উচ্চতৰ শিক্ষা ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান

উত্তম অনুশীলন

অসম ৰাজ্যত উচ্চ শিক্ষা আৰু ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান বিভাগৰ উত্তম অনুশীলন

উচ্চ শিক্ষাৰ ক্ষেত্ৰত সংস্কাৰ কাৰ্যসূচী অনুসৰণ কৰিবলৈ অসম প্ৰতিশ্ৰুতিবদ্ধ। সমগ্ৰ ৰাজ্যতে উচ্চ শিক্ষাৰ ক্ষেত্ৰত থকা ন্যায্যতা, প্ৰবেশধিকাৰ আৰু গুণগত মানদণ্ডৰ উন্নীতকৰণৰ বাবে যথেষ্ট কিছুমান পদক্ষেপ গ্ৰহণ কৰা হৈছে। তাৰ কিছুমান পূৰ্বৰ পদক্ষেপৰ ধাৰাবাহিকতা আৰু কিছুমান ২০১৬-১৭ চনত প্ৰৱৰ্তন কৰা।

ন্যায্যতাৰ ক্ষেত্ৰত সংশোধন-

  1. শুল্কহীন আঁচনি

অৰ্থনৈতিকভাৱে অসুবিধাৰ সন্মুখীন হোৱা ছাত্ৰ-ছাত্ৰীলৈ অসমে শুল্কহীন আঁচনি প্ৰস্তুত কৰিছে। অসমৰ শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেৱে ২০১৬ চনৰ ৪ জুনত ঘোষণা কৰে যে ৰাজ্যৰ সকলো প্ৰাদেশিকীকৃত আৰু চৰকাৰী মহাবিদ্যালয়ে যিবোৰ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ বছৰি আয় ১ লাখৰ কম, তেওঁলোকৰ পৰা কোনো ধৰণৰ মাচুল যেনে- প্ৰৱেশ মাচুল, শিক্ষা মাচুল আৰু অন্যান্য যিকোনো ধৰণৰ মাচুল দাবী কৰিব নোৱাৰে। এই মাচুলবিহীন আঁচনিয়ে ইউ.জি.ৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰিব বিচৰা আন সকলো ছাত্ৰ-ছাত্ৰীকো সামৰি লৈছে।

আঁচনিখনৰ বিশেষ বৈশিষ্ট্যসমূহ-

(১) অভিভাৱকে যদি ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী, তেনেহলে মহাবিদ্যালয়ত নামভৰ্তিৰ সময়ত মাহিলী বেতন পত্ৰ/সূচী জমা দিব লাগিব।

(২) যদিহে তেওঁলোক কোনো ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত, তেনেহলে নিয়োগকৰ্তা বা মালিকৰ পৰা এখন বেতন সূচী লাগিব, যত উল্লেখ থাকিব যে বছৰি আয় ১ লাখৰ অধিক নহয়।

(৩) যদিহে তেওঁলোক কোনো চৰকাৰী বা ব্যক্তিগত অনুষ্ঠান বা প্ৰতিষ্ঠানৰ কৰ্মচাৰী নহয়, তেনেহলে চক্ৰ বিষয়া বা মৌজাদাৰৰ দ্বাৰা পোৱা প্ৰমাণ-পত্ৰও গ্ৰহণ কৰা হয়।

(৪) ওপৰোক্ত তিনিটা চৰ্তৰ বাহিৰেও মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু নামভৰ্তি কমিটীয়ে তেওঁলোকৰ জ্ঞান বা বিবেকেৰে সেই বিশেষ ছাত্ৰ বা ছাত্ৰীগৰাকীৰ আয় ১ লাখৰ তলত বুলি অনুভৱ বা বিবেচনা কৰে, তেতিয়াও সেই অধ্যক্ষই মাচুলবিহীনভাৱে নামভৰ্তিৰ অনুমতি দিব পাৰিব।

(৫) আঁচনিখনে পি.ডব্লিউ.ডি ছাত্ৰ-ছাত্ৰীসকলক অভিভাৱকসকলৰ আয়ৰ কোনো চৰ্ত অবিহনেই সামৰি লৈছে।

যোৱাটো বৰ্ষত (২০১৬-১৭) আঁচনিখনে ১.৩৮ লক্ষ ছাত্ৰ-ছাত্ৰীক লাভান্বিত কৰিছে। চৰকাৰ সেই আৰ্থিক ক্ষতি কলেজসমূহৰ মাচুলবিহীন আঁচনিৰ কোষত পৰায় ৪৪ কোটিৰে পৰিশোধ কৰিছে।

বিদ্যা লক্ষ্মী আঁচনি (চৰকাৰী কৰ্মচাৰীৰ বাবে অনুদানমূলক উচ্চ শিক্ষাৰ ঋণ)

অসম চৰকাৰে ২০১৭ চনৰ ২ মাৰ্চত ভাৰতীয় ষ্টেট বেংকৰ সৈতে অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ সন্তানৰ উচ্চ শিক্ষাৰ বাবে ৪ শতাংশ অনুদানমূলক সুদৰ হাৰত শিক্ষা ঋণ প্ৰদানৰ চুক্তিৰে এখন বুজাবুজিৰ স্মাৰক স্বাক্ষৰ কৰে। এই আঁচনিৰ অধীনত ঋণৰ সৰ্বোচ্চ সীমা ১০ লাখ টকা ধাৰ্য কৰা হৈছে আৰু ঋণৰ বাবে কোনো আনুসংগিক বন্ধকীৰ প্ৰয়োজন নাই। ঋণৰ ধন প্ৰত্যক্ষভাৱে শিক্ষা অনুষ্ঠানলৈ মোকলাই দিয়া হয়। ঋণ পৰিশোধৰ সৰ্বোত্তম সময় ১৫ বছৰ। এই আঁচনিখনৰ বাবে ২০১৭-১৮ চনত ২০,০০০ লাখ টকা বাজেটত ধাৰ্য কৰা হৈছে।

এই আঁচনিয়ে ভাৰতৰ যিকোনো ঠাইৰে চৰকাৰ, ইউ.জি.চি. আৰু এ.আই.চি.টি.ই.ৰ দ্বাৰা অনুমোদিত পাঠ্যক্ৰম/প্ৰতিষ্ঠানক আৰু অসমৰ প্ৰধান শিক্ষানুষ্ঠানবোৰক সামৰি লৈছে।

অসমৰ শিক্ষা ক্ষেত্ৰত পিছ পৰি থকা জিলাকেইখনত নতুন শিক্ষা প্ৰতিষ্ঠানৰ স্থাপন

অসম চৰকাৰে অনুমোদিত ১২খনৰ ভিতৰত ৰাজ্যত ৫খন নতুন আদৰ্শ স্নাতক মহাবিদ্যালয় স্থাপনৰ সক্ৰিয় পদক্ষেপ লয়। ৫খন নতুন আদৰ্শ স্নাতক মহাবিদ্যালয় হল-

১. চৰকাৰী আদৰ্শ স্নাতক মহাবিদ্যালয়, দলগাঁও, দৰং

২. চৰকাৰী আদৰ্শ স্নাতক মহাবিদ্যালয়, আমজংগা, গোৱালপাৰা

৩. চৰকাৰী আদৰ্শ স্নাতক মহাবিদ্যালয়, ইৰালিগোল, কৰিমগঞ্জ

৪. চৰকাৰী আদৰ্শ স্নাতক মহাবিদ্যালয়, বিহালী, শোণিতপুৰ

৫. চৰকাৰী আদৰ্শ স্নাতক মহাবিদ্যালয়, তুলুংগীয়া, বঙাইগাঁও

 

চৰকাৰী আদৰ্শ স্নাতক মহাবিদ্যালয়, দলগাঁও

সংযোজন/অন্তৰ্ভুক্তিৰ সংশোধন

ডিব্ৰুগড় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত অন্তৰ্ভুক্তি হোৱা মহাবিদ্যালয়ৰ বোজা কমাবলৈ, ৰাজ্য চৰকাৰে বৰপেটা মহাবিদ্যালয় বিহপুৰীয়া মহাবিদ্যালয় আৰু হোজাই মহাবিদ্যালয়ৰ পদোন্নতি ঘটাই তিনিখন নতুন বিশ্ববিদ্যালয় কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে।          

    • শ্ৰীশ্ৰী ভট্টদেৱ বিশ্ববিদ্যালয়, বৰপেটা
    • শ্ৰীমন্ত মাধৱদেৱ বিশ্ববিদ্যালয়, বিহপুৰীয়া
    • কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়, হোজাই

চৰকাৰী এই বছৰতে ১০০ কোটি টকা ব্যয়ৰ অনুমোদন জনায়। তাৰোপৰি ব্যক্তিগত খণ্ডটো দুখন নতুন বিশ্ববিদ্যালয়ো হোৱাৰ কথা-

    • কৃষ্ণগুৰু বিশ্ববিদ্যালয়
    • আমিট্য বিশ্ববিদ্যালয়

স্বীকৃতি সংশোধন-

২০১৪ চনৰ ১০ ডিচেম্বৰত নতুন দিল্লীত অনুষ্ঠিত পঞ্চম পি.এ.বি. বৈঠকত এছ.এইচ.ই.পি. জমা দিয়াৰ সময়ত ৰাজ্যৰ মাথো ৪৩খন মহাবিদ্যালয়হে নাক (NAAC)ৰ স্বীকৃতি প্ৰাপ্ত আছিল। ৰাজ্যৰ উচ্চ শিক্ষা বিভাগে, ৰাজ্যৰ এইচ.ই.আইক, স্বীকৃতি দিয়া প্ৰক্ৰিয়াত ক্ষীপ্ৰতা আনিবলৈ নিৰ্দেশ দিয়ে। স্বীকৃতিৰ স্থিতিত উল্লেখনীয় উন্নতি দেখা গৈছে। ২০১৭ চনৰ ২৮ মাৰ্চলৈ ৰাজ্যৰ ১২২খন মহাবিদ্যালয়ে নাকৰ স্বীকৃতি লাভ কৰে। এখন ৰাজ্য আৰু দুখন ব্যক্তিগত বিশ্ববিদ্যালয় নাকৰ বৈধভাৱে স্বীকৃতিপ্ৰাপ্ত। প্ৰায় ৬০খন মহাবিদ্যালয়ে স্বীকৃতিৰ আবেদন কৰিছে।

ৰাজ্যৰ মহাবিদ্যালয়সমূহৰ নাকৰ স্বীকৃতিপ্ৰাপ্ত পদমৰ্যদা (২০১৭ৰ ২৮ মাৰ্চলৈ)

সাম্যতা/ন্যায্যতাৰ ক্ষেত্ৰত-

ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ ন্যায্যতাৰ উপাদান অধীনত-

(১) ১২টা ভাষাৰ গৱেষণাগাৰৰ বাবে পুঁজিৰ আনুমোদন

(২) ১২খন প্ৰতিষ্ঠানলৈ বিদ্যালয়ৰ পৰিসমাপ্তিৰ বাবে পুঁজি আবণ্টন

(৩) উচ্চতৰ শিক্ষা প্ৰতিষ্ঠানত অসমৰ্থিত বন্ধুত্বপূৰ্ণ পৰিবেশৰ সৃষ্টি কৰা।

(৪) দৰ্শনপূৰ্ণ প্ৰকল্প হিচাপে, দুখন জিলাত পি.ডব্লিউ.ডি আৰু ছোৱালী শিক্ষাৰ্থীৰ বাবে যাতায়তৰ সুবিধা প্ৰদান কৰে।