মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ উচ্চতৰ শিক্ষা ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান

নতুন স্নাতক আদৰ্শ মহাবিদ্যালয় আৰু নতুন স্নাতক আদৰ্শ মহাবিদ্যালয়লৈ ৰূপান্তৰ

উপাদান ৫ (স্নাতক মহাবিদ্যালয়ক আদৰ্শ স্নাতক মহাবিদ্যালয়লৈ উন্নীতকৰণ)

অসম চৰকাৰে নন-ই.বি.ডি. (Non-EBD) জিলাৰ বিদ্যমান পাঁচখন মহাবিদ্যালয়, আদৰ্শ স্নাতক মহাবিদ্যালয়লৈ উন্নীত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে। ইয়াৰ আধাৰতে কেন্দ্ৰীয় চৰকাৰৰ ১২তম পৰিকল্পনা অনুযায়ী বাচনি আৰু ৫০:৫০ অনুপাতত ৪ কোটি টকা অনুমোদন হৈছে।

            আদৰ্শ স্নাতক মহাবিদ্যালয়লৈ উন্নীতকৰণৰ বাবে চিনাক্ত কৰা মহাবিদ্যালয়ৰ মানদণ্ড-

মহাবিদ্যালয়ৰ নামমানদণ্ড

পূব কামৰূপ মহাবিদ্যালয়

কামৰূপ জিলাৰ অধীনত গ্ৰামীণ ৰূপত প্ৰতিষ্ঠিত হৈছে

 

টংলা মহাবিদ্যালয়

আদিবাসী অঞ্চলত প্ৰতিষ্ঠিত

 

ধেমাজি মহাবিদ্যালয়

বানাক্ৰান্ত/আদিবাসী অঞ্চল

 

ডি.কে.ডি. মহাবিদ্যালয়

চাহ বাগিচা অঞ্চল

 

শিৱসাগৰ ছোৱালী মহাবিদ্যালয়

মহিলা সবলীকৰণ